আই অ'
তোৰ চকুপানীবোৰ
মোৰ বুকুত
নৈ হৈ বাগৰে,
শাওনীয়া নৈ ।
ফেনে ফুটুকাৰে আহি
লৈ যায় সকলো বোৱায়
মোৰ সুখ মোৰ হাঁহি
আৰু যে ক'ত কি উটি যায়
আজিলৈ হিচাপে ওলোৱা নাই ।
আৰু মাজনিশাৰ তোৰ সেই
কেঁচা হুমুনিয়াহ বোৰে
বুজিছ' আই
মোৰ কলিজালৈ
চ'তৰ ধুমুহা চপায়।
দিক বিদিক হেৰুৱাও ক্ষন্তেকতে
হেৰুৱাও
জীয়াই থকাৰ উচ্ছাস,
জীৱনৰ স'তে যুঁজাৰ সাহস,
আৰু বহুত কিবাকিবি...........॥
ණ চন্দনা শইকীয়া
Dhunia hoise.
Val lagil kavitati porhi
আই..
Soundor Kabita