তুমি জীৱন
ৰাতিৰ আকাশৰ এটি উজ্জ্বলতম তৰা
শুনিছোঁ, তুমিহেনো জোনাক ভালপোৱা
মইও ভালপাওঁ চোৱা
চেপি চেপি এন্ধাৰ আকাশত
তুমি ছবি অঁকা নিশাৰ বুকুত
মাজে মাজে তুমি শিল হোৱা
এটি কঠিন শিল...
জীৱনে যেতিয়া জীৱন সজায়
তুমি কোমল হোৱা
তুমি নেদেখা সূর্য্যমুখী ফুলৰ সপোন
কাৰণ, তুমি যে পথাৰ ভালপোৱা
সেইবাবেইটো তুমি হাঁহি হোৱা
এটি নেদেখা হাঁহি
এয়া চোৱা
তোমাক নাম দিছোঁ মই নিশিগন্ধা
নিশাৰ আকাশৰ এটি উজ্জ্বলতম তৰা ।।
ණ হীৰক জ্যোতি নাথ
ফোন- ৯৫৭৭৯৩৪৪৫৭
ধন্যবাদ দাদা।
স্বাগতম । কবিতাটো ভাল হৈছে । আগলৈকেও এনে কবিতা পোৱাৰ আশা ৰাখিলোঁ ।
ভাল লাগিল কবিতাটো।
কবিতাটো পঢ়ি ভাল লাগিলে ...কবিতাটিৰ শিৰোনাম সলাগ লবলগীয়া...
নিশ্চয় দা। ধন্যবাদ চন্দনা শইকীয়া আৰু নয়ন মণি।
বহুত ভাল হৈছে / ভাৱাবেক আৰু শব্দচয়নৰ সুন্দৰ সমন্বয় /