অন্ধ গহ্বৰৰ পৰাই
দেখি থাকোঁ
নিৰন্ন বিষণ্ণতা
কুৰুৱাৰ পাৰৰ পৰা
ভাঁহি আহে
জাৰজ কুকুৰৰ
ভুক-ভূকনি !
আজি প্ৰথম হাতৰ পৰা
সৰি পৰিল মৃত্যুৰ চিৎকাৰ!
সৰি পৰিল বিষন্ন হাতিয়াৰ!!
চাল্লা বেইমান !
মোৰ প্ৰাক্তন প্ৰেমিকাৰ শিৰৰ সেন্দুৰ মচিব নোৱাৰাৰ দায়ত আজিৰ পৰা চিৰদিন দায়ী !!
(ৰচনাকাল: ১৭/০২/১৩/)
ණ কামাৰুজ্জামান খান